ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰক বিশ্ব শিল্প চহৰ হিচাপে বিশ্ব শিল্প পৰিষদৰ স্বীকৃতি

বিশ্ব শিল্প পৰিষদে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ চহৰখনক বিশ্ব শিল্প চহৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি প্রদান কৰিছে। এই সন্মানীয় স্বীকৃতিৰ দ্বাৰা চহৰখনৰ চহকী ঐতিহ্য আৰু কলা-কুশলীসকলৰ ব্যতিক্রমী দক্ষতাক স্বীকৃতি প্ৰদান কৰা হৈছে।

জম্মু-কাশ্মীৰৰ ৰাজ্যপাল মনোজ সিনহাই এই উল্লেখযোগ্য সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ইয়াক কলা-কুশলীসকলৰ ব্যক্তিক্রমী দক্ষতা তথা তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি বুলি মন্তব্য কৰিছে। তেওঁ কয় যে, এই স্বীকৃতিয়ে কলা-কুশলীসকলৰ একাগ্ৰতা তথা শ্রীনগৰৰ চহকী সংস্কৃতিত আলোকপাত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বকেই প্রতিফলিত কৰিছে। অঞ্চলটোৰ কলা-কুশলীসকলৰ প্ৰতি প্ৰয়োজনীয় সমৰ্থন আগবঢ়োৱাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ লগতে মন্তব্য কৰে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ হস্তশিল্প আৰু হস্ততাত ক্ষেত্ৰখনৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ধৰণৰ সমৰ্থন আগবঢ়াই আহিছে। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালকেও এই স্বীকৃতিৰ তাৎপৰ্যৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে, কলা-কুশলীসকলৰ লগতে তেওঁলোকৰ উল্লেখনীয় অৱদানৰ বাবে আমি সদায় গৌৰৱান্বিত।

অধিক পঢ়ক

সকলো চাওক