জম্মু-কাশ্মীৰৰ গান্দেৰৱাল জিলাৰ গগনগীৰ অঞ্চলত এজন কাশ্মীৰী চিকিৎসকসহ ৬জন শ্রমিকৰ উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হয়। ছ’নমাৰ্গ অঞ্চলত জেড-ম’ৰ সুৰংগৰ নিৰ্মাণ স্থলীত দুটা উগ্ৰপন্থীয়ে এই ঘটনা সংঘটিত কৰে। বাডগাম জিলাৰ নাইডগাম গাঁৱৰ বাসিন্দা ডাঃ ছাহনৱাজৰো কৰ্মৰত অৱস্থাত মৃত্যু হয়। যোৱা তিনিদিনত এইটো হৈছে দ্বিতীয়টো উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা য’ত শ্ৰমিকসকলক লক্ষ্য কৰি লোৱা হৈছে। যোৱা শুক্ৰবাৰে দক্ষিণ কাশ্মীৰৰ ছ’পিয়ান জিলাত উগ্ৰপন্থীয়ে বিহাৰৰ এজন শ্ৰমিকক হত্যা কৰিছিল।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মধ্য কাশ্মীৰৰ গান্দেৰৱাল জিলাৰ গগনগীত জনসাধাৰণৰ ওপৰত কৰা উগ্ৰপন্থী আক্ৰমণ কাপুৰুষালী বুলি উল্লেখ কৰি এই ঘটনাৰ নিন্দা কৰে। তেওঁ কয় যে, এই জঘন্য ঘটনাৰ লগত জড়িত লোকসলক ক্ষমা কৰা নহ’ব। শ্ৰী শ্বাহে এই ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰা লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰে। উপ-ৰাজ্যপাল মনোজ সিনহায়ো সামাজিক মাধ্যমযোগে এই ঘটনাৰ নিন্দা কৰিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক বৰ্বৰ আৰু কাপুৰুষালি বুলি উল্লেখ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।