ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ অধিসূচনা জাৰি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অধিসূচনা আজি জাৰি কৰা হ’ব। এই পর্যায়ত অনন্তনাগ, শ্ব’পিয়ান, কুলগাম, ৰামবান্দ, কিস্তৱাৰ আৰু দ’দা জিলাৰ ২৪টা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ২৮ আগষ্টত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। আনহাতে ৩০ আগষ্টলৈকে প্রার্থীসকলে মনোনয়ন পত্র প্রত্যাহাৰ কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ১৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে জম্মু আৰু কাশ্মীৰত সীমা নির্ধাৰণ প্ৰক্ৰিয়াৰ পাছত বিধানসভা আসনৰ সংখ্যা ৮৩ৰ পৰা ৯০ লৈ বৃদ্ধি হয়। ইয়াৰ ভিতৰত ৭৪ খন আসন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে। আনহাতে ৭ খন আসন অনুসূচিত জাতি আৰু ৯ খন আসন অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। এইবেলি নিৰ্বাচনত ভোটদান কৰিবলগীয়া নাগৰিকসকলৰ ভিতৰত প্ৰায় ২১ লাখ ভোটদাতা ২০ৰ পৰা ২৯ বছৰ বয়সৰ ভিতৰৰ। জম্মু-কাশ্মীৰত এইবাৰ নিৰ্বাচনত মুঠ ৮৭ লাখ ৯ হাজাৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰ ভিতৰত ৪৪ লাখ ৪৬ হাজাৰ পুৰুষ আৰু ৪২ লাখ ৬২ হাজাৰ মহিলা। ইপিনে এই নির্বাচনত ৩ লাখ ৭১ হাজাৰ গৰাকী ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব।

অধিক পঢ়ক

সকলো চাওক