ঝাৰখণ্ডৰ ৩খন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ কৰা হ’ব। ইফালে ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন প্রত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮ টা সংসদীয় সমষ্টিত নির্বাচন হ’ব। দিল্লীৰ ৭ খন, হাৰিয়ানাৰ ১০, উত্তৰ প্ৰদেশৰ ১৪, বিহাৰ আৰু পশ্চিমবংগৰ ৮ খনকৈ, ওড়িশাৰ ৬খন, ঝাৰখণ্ডৰ ৪খন, জম্মু আৰু কাশ্মীৰৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক