সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে৷ এই মাহৰ ১৮ আৰু ২৫ তাৰিখৰ উপৰি ১ অক্টোবৰত ৰাজ্যখনত তিনিটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে কালি ৰামবন জিলাৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলে ৩৭০ অনুচ্ছেদ পুনৰ ঘূৰাই অনাৰ বাবে জনোৱা দাবীক কঠোৰ সমালোচনা কৰে। তেওঁ কয় যে বিজেপি ক্ষমতাত থকালৈকে ৩৭০ অনুচ্ছেদ কোনো কাৰণতে পুনৰ প্ৰৱৰ্তন কৰা নহ’ব। তেওঁ লগতে কয় যে জম্মু কাশ্মীৰত এতিয়া সন্ত্ৰাসবাদৰ বিপৰীতে পর্যটন আৰু উন্নয়নৰ বতাহ ব’ব’লৈ আৰম্ভ কৰিছে। আনহাতে শ্ৰীনগৰত নেচনেল কনফাৰেঞ্চৰ সভাপতি ফাৰুক আব্দুল্লাই সাংবাদিকৰ আগত কয় যে, নেচনেল কনফাৰেঞ্চ আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলে জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদৰ উত্থান হ’ব বুলি অপপ্ৰচাৰ চলাই বিজেপিয়ে মানুহক বিপথে পৰিচালিত কৰি আহিছে। অনন্তনাগ জিলাত সংবাদ মাধ্যমক সম্বোধন কৰি পিপলছ ডেম’ক্রেটিক পার্টি- পিডিপিৰ মুৰব্বী মেহবুবা মুফতিয়ে কয় যে পিডিপি নথকা হ’লে নেচনেল কনফাৰেঞ্চে জম্মু কাশ্মীৰত একনায়কত্ববাদ চলালেহেঁতেন। তেওঁ লগতে কয় যে নেচনেল কনফাৰেঞ্চৰ বিৰুদ্ধে জম্মু-কাশ্মীৰৰ জনতা যথেষ্ট অসন্তুষ্ট হৈ আছে। ইফালে জম্মু কাশ্মীৰ বিজেপিয়ে কালি নিৰ্বাচন আয়োগক প্রাক্তন মুখ্যমন্ত্রী ওমৰ আব্দুল্লাৰ মনোনয়ন বাতিল কৰাৰ দাবী উত্থাপন কৰে। নেচনেল কনফাৰেঞ্চক সমৰ্থন নকৰা লোকক ওমৰ আব্দুল্লাই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁৰ মনোনয়ন বাতিলৰ দাবী জনায়।
Site Admin | September 9, 2024 11:36 AM | Jammu & Kashmir Election