ডাউনলোড
মোবাইল এপ

android apple
signal

June 10, 2024 6:31 PM | Jammu & Kashmir

printer

জম্মু-কাশ্মীৰত তীর্থযাত্রীৰ বাছত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত নিহত হোৱা সকললৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ গভীৰ সমবেদনা জ্ঞাপন

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ তেৰিয়াথ গাঁৱৰ সমীপত কালি সন্ধিয়া সংঘটিত সন্ত্রাসবাদী আক্ৰমণত তীর্থযাত্রী কঢ়িওৱা এখন বাছ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩৩ জন আহত হয়। বাছখন শিৱ খ’ৰি পবিত্র গুহা দৰ্শন কৰি কাট্টা অভিমুখে গৈ আছিল। ৰিয়াছিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহিত শর্মাই কৈছে যে, বাছখনৰ চালকজনৰ গাত গুলী লগাৰ ফলত বাছখন নিয়ন্ত্রণহীন হৈ পৰে। আহত লোকসকলক তেৰিয়াথ, ৰিয়েছি আৰু জন্মৰ চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে লেফটেনেণ্ট গৰ্ভনৰ মনোজ সিনহাক সঘনে পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে আহত লোকসকলৰ সকলোধৰণৰ চিকিৎসা আৰু সাহায্য নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই ঘটনাত শোক প্ৰকাশ কৰি কয় যে, এয়া হৈছে মানৱতাৰ বিৰুদ্ধে এটা অপৰাধ। ৰাষ্ট্ৰপতিগৰাকীয়ে আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰাৰ লগতে কয় যে, দেশ নিহত সকলৰ পৰিয়ালৰ সৈতে আছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি কয় যে, ইয়াৰ বাবে অতিশয় দুখিত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে এই আক্রমণক গৰিহণা দিয়ে। তেওঁ জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৰ্ভনৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জনাইছে যে, এই ঘটনাত জড়িত সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। ভাৰতীয় সেনাবাহিনী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে জিলাখনৰ সীমান্তৱৰ্তী তেৰিয়াথ-পনি-শিৱ খ’ৰি অঞ্চলত ড্রোন আৰু স্লিফাৰ ড’গকে ধৰি বিভিন্ন সামগ্ৰীৰে ব্যাপক অভিযান অব্যাহত আছে।

অধিক পঢ়ক

সকলো চাওক