কেন্দ্রীয় জল শক্তি মন্ত্রী চি আৰ পাৰ্টিলে কালি নতুন দিল্লীত নমামী গংগে অভিযান প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। বৈঠকত পৰিস্কাৰ গংগাৰ বাবে থকা ৰাষ্ট্ৰীয় অভিযান বিকশাই তোলা পৰিবেশ প্রবাহ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰা হয়। এই ব্যৱস্থা প্ৰয়াগ পোৰ্টেলৰ অবিচ্ছেদ্য অংগ। বৈঠকত মন্ত্ৰীগৰাকীয়ে গংগা আৰু ইয়াৰ উপনৈসমূহক সামৰি নমামী গংগে অভিযানৰ বৰ্তমানৰ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৰ্তমান নৈ পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচীৰ আওতাৰ বাহিৰত থকা অঞ্চলসমূহত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ লগতে সেই অঞ্চলসমূহত বিভিন্ন কৌশল বিকশাই তোলাৰ ক্ষেত্ৰত থকা কৌশল উদ্ভাৱনীমূলক সমাধানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে নমামী গংগে কাৰ্যসূচীৰ অধীনত চলি থকা পৰিস্কাৰ প্ৰকল্পৰ অগ্ৰগতিৰো বুজ লয়।
Site Admin | June 14, 2024 11:53 AM | Jal Shakti Min