ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব। কাইলৈ নির্বাচনী ভাগ্য নিৰূপণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত বাৰহাইট সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, ধানৱাৰ সমষ্টিত প্রদেশ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডি, গাণ্ডে সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পত্নী কল্পনা চোৰেন, ডুমকা সমষ্টিত মুখ্যমন্ত্ৰীৰ ভাতৃ বসন্ত চোৰেনো আছে। কাইলৈৰ ভোটগ্ৰহণৰ জৰিয়তে ৫২৮ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব। ১২ খন জিলাৰ ১৪ হাজাৰ ২১৮টা ভোটগ্রহণ কেন্দ্ৰত শান্তিপূর্ণভাৱে ভোটগ্রহণ সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৬০০ কোম্পানী মোতায়েন কৰা হৈছে।
Site Admin | November 19, 2024 6:37 PM | jharkhand election