মৰিগাঁও জিলাৰ জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত আজি সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বৃত্তিগত গো-সেৱাৰ শতবৰ্ষৰ দুৱাৰদলিত উপনীত হোৱা তথা মধ্য অসমত দুগ্ধ বিপ্লৱৰ সূচনা কৰা সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৃষক সভাৰ আয়োজন কৰা হয়। কৃষক সভাত উপস্থিত থাকি মন্ত্রী পীযুষ হাজৰিকাই নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা ২০২৩ আৰু ২০২৪ প্ৰদান কৰে। ২০২৩ বৰ্ষৰ বাবে বাক্সা জিলাৰ উত্তৰ আঞ্চলিক জেনেৰেল পাগলাদিয়া ডাং-বান্ধ কমিটী আৰু ২০২৪ বৰ্ষৰ বাবে লখিমপুৰৰ সান্দহখোৱাৰ লফা গাঁও উন্নয়ন সমিতিয়ে এই বঁটা লাভ কৰিছে। ইয়াৰ লগতে সমবায় সমিতিখনে কৃষিক বিষয়বস্তু হিচাপে লৈ ৰাজ্যিক ভিত্তিত আয়োজন কৰা প্ৰেম বাহাদুৰ থাপা স্মাৰক চিত্রাংকণ প্রতিযোগিতা আৰু বিষ্ণু বজগাই স্মাৰক ৰচনা প্রতিযোগিতাৰ পুৰস্কাৰ সমূহো প্ৰদান কৰা হয়। সভাত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ যাত্ৰা পুথি আৰু সীতাজখলা শীর্ষক স্মৃতি গ্রন্থও উন্মোচন কৰা হয় ৷
Site Admin | June 11, 2024 8:41 PM | sitajakhala piyush