October 25, 2024 6:45 PM | Jagiroad

printer

জাগীৰোডত চেমি কনডাক্টৰ বিষয়ক কর্মশালা অনুষ্ঠিত

নর্থ ইষ্ট ইণ্ডিয়া চাইন্টিফিক এণ্ড এণ্টাৰপ্রেনিউৰিয়েল ডাইস্পোৰা চমুকৈ NEISED, National Institute of Electronics & Information technology, Guwahati. NIELIT, VSLI society of India আৰু জাগীৰোড মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আজি জাগীৰোডৰ চেমি কনডাক্টৰ বিষয়ক এখন কর্মশালা অনুষ্ঠিত হয়। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অৰ্ধপৰিবাহী পৰিবেশ তন্ত্র : উত্তৰ পূৱ ভাৰতৰ বাবে সজাগতা আৰু সুযোগ শীৰ্ষক কর্মশালাত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ লগতে বিদেশৰ কেইবাগৰাকীও উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। জাগীৰোডত স্থাপন হ’বলগীয়া এই প্ৰকল্পত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে কেনে ধৰণে সুবিধা লাভ কৰিব সেই উদ্দেশ্যে সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা কৰ্মশালাখনত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰায় ৫ শতাধিক ছাত্র-ছাত্রীয়ে বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে।

অধিক পঢ়ক

সকলো চাওক