উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হ’ব। এই ভ্রমণকালত উপ- ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল’ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে। পৰহিলৈ সন্ধিয়া কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানার্থে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান আৰু নৈশ ভোজমেলত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
Site Admin | October 25, 2024 7:38 PM | Jagdeep Dhankhar
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীত উপস্থিত হ’ব
