September 7, 2024 12:22 PM | Jagdeep Dhankhar

printer

দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ লগতে গোৰখপুৰৰ আৰু মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ জগদীপ ধনখড়ৰ

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি দিনযোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ চিত্ৰকোট আৰু গোৰখপুৰৰ লগতে মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোট ভ্ৰমণ কৰিব। উপৰাষ্ট্ৰপতিগৰকীয়ে আজি উত্তৰপ্ৰদেশৰ গোৰখপুৰত এখন নতুন সৈনিক বিদ্যালয় উদ্বোধন কৰিব। শ্রীধনখড়ে চিত্রকোটৰ জগতগুৰু ৰামভদ্ৰাচার্য দিব্যাংগ ৰাজ্যিক বিশ্ববিদ্যালয়ত এখন ৰাষ্ট্ৰীয় অধ্যয়নচক্রতো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মধ্যপ্ৰদেশৰ চাটনাৰ চিত্ৰকোটত উপৰাষ্ট্ৰপতিগৰাকীয়ে দীনদয়াল গৱেষণা প্ৰতিষ্ঠানত নানাজী দেশমুখৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

অধিক পঢ়ক

সকলো চাওক