ডাউনলোড
মোবাইল এপ

android apple
signal

June 6, 2024 8:29 PM | J P Nadda

printer

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে জে পি নাড্ডাৰ বৈঠক

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা-এন ডি এই চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী আৰু দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, মনসুখ মন্দাভিয়া, পীয়ুষ গোৱেল, অশ্বিনী বৈষ্ণৱকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইপিনে, বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ নেতা নীতিশ কুমাৰৰ ৰাষ্ট্ৰীয় ৰাজধানীত থকা বাসগৃহতো দলটোৰ কেইবাগৰাকীও নেতাই এখন বৈঠকত মিলিত হয়। এন ডি এৰ নেতাসকলে সৰ্বসন্মতিক্রমে নৰেন্দ্ৰ মোদীক তেওঁলোকৰ নেতা নির্বাচিত কৰাৰ এদিন পাছতে এই বৈঠক অনুষ্ঠিত হৈছে। কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সংসদীয় দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত বিজেপি, টিডিপি, জেডিইউ, এল জে পি-আৰ, শিৱসেনা-সিন্দে গোট, জে ডি এছ আৰু এন ডি এৰ আন আন সহযোগী দলসমূহৰ নৱনিৰ্বাচিত সাংসদসকল উপস্থিত থকাৰ কথা। কালি এন ডি এৰ বৈঠকত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰতিটো ক্ষেত্ৰতে সর্বাংগীন বিকাশ হৈছে বুলি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱত দেশৰ জনসাধাৰণে ছটা দশকৰ পাছত একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে একক সংখ্যাগৰিষ্ঠতাৰে এটা শক্তিশালী নেতৃত্বক নির্বাচিত কৰিছে বুলিও উল্লেখ কৰা হৈছে। নতুন চৰকাৰ গঠন সন্দৰ্ভত সহযোগী দলসমূহৰ নেতা তথা বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা- বিলোচনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও আজি নতুন দিল্লীলৈ ৰাওনা হ’ব।

অধিক পঢ়ক

সকলো চাওক