জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্রহণ আবেলি ৩ বজা পর্যন্ত ৫৬ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ৰাতিপুৱা ৭ বজাৰ পৰা ভোটদান অনুষ্ঠিত হয়। জম্মু অঞ্চলৰ জম্মু, কথুৱা, চাম্বা, উধমপুৰ আৰু কাশ্মীৰ উপত্যকাৰ কপোৱাৰা, ৱাৰামুলা আৰু বান্দিপাৰা জিলাত নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰা হৈছে। ভোটদাতাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধা সুনিশ্চিত কৰা হৈছে আৰু ভোটকেন্দ্ৰসমূহত ২০ হাজাৰতকৈ অধিক প’লিং বিষয়া নিয়োগ কৰা হৈছে। বিয়লি ৩ বজালৈকে জম্মু জিলাৰ চাম্ব বিধানসভা সমষ্টিত সর্বোচ্চ ৬৮ দশমিক ৩-১ শতাংশ আৰু অখনোৰ বিধানসভা সমষ্টিত ৬৬ দশমিক ২-৭ শতাংশ ভোটদান হয়। কাশ্মীৰ উপত্যকাত কানাহ বিধানসভা ৫৬ দশমিক ৫-২ শতাংশ, ত্রেঘামত ৫২ দশমিক ৩-৩ শতাংশ, কপোৱাৰত ৪৮ দশমিক ৭- শতাংশ, লোলাবত ৫১ দশমিক ৭-৬ শতাংশ আৰু হেন্দুৱাৰাত ৫৯ দশমিক ১-১ শতাংশ ভোটদান সম্পন্ন হৈছে। কাশ্মীৰৰ বান্দিপুৰা জিলাৰ গুৰেশ বিধানসভা সমষ্টিত সর্বাধিক ৬৬ দশমিক ১-৭ শতাংশ, আৰু বাৰামুলা জিলাৰ চপুৰে বিধানসভা সমষ্টিত সর্বনিম্ন ৩৬ দশমিক ২-১ শতাংশ ভোটদান সম্পন্ন হয়। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পাছত এয়াই হৈছে প্ৰথম নির্বাচন। ১৮ চেপ্তেম্বৰ আৰু ২৫ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা প্ৰথম দুটা পৰ্যায়ত বিধানসভা নিৰ্বাচনত ৫৭ শতাংশতকৈ অধিক ভোটদান সম্পন্ন হয়। চলিত মাহৰ ৮ তাৰিখে ভোটগণনা কৰা হব।
Site Admin | October 1, 2024 8:38 PM | J&K