ITS TIME FOR ACTION- বাণীৰে বিশ্ব হেপাটাইটিছ দিৱস পালন

যকৃতৰ প্ৰদাহ হেপাটাইটিছ ৰোগত প্ৰতি বছৰে বহু নিযুত লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু মুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বত সৰ্বসাধাৰণৰ ৰাইজক হেপাটাইটিছ ৰোগটোৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা, সংক্ৰমণৰ লগে লগে চিনাক্ত কৰা আৰু চিকিৎসাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়। ভাইৰেল সংক্ৰমণৰ ফলত হোৱা এই ৰোগবিধ মূলতঃ এ, বি, চি, ডি আৰু ই এই পাঁচ প্ৰকাৰৰ হোৱা দেখা যায়। অসুৰক্ষিত বেজী আৰু নিড’লৰ পুনৰ ব্যৱহাৰ, নিচাযুক্ত দ্ৰব্য গ্ৰহণৰ বাবে বহুজনৰ মাজত একেটা বেজীৰ ব্যৱহাৰ, ব্যক্তিগত ব্যৱহৃত সামগ্ৰী যেনে ৰেজাৰ, ব্লেড, টুথব্রাছ আদি একাধিকজনে ব্যৱহাৰ কৰা, অসুৰক্ষিত তেজ গ্ৰহণ, শৰীৰত টাটু আঁকিবৰ বাবে ব্যৱহাৰ কৰা চিয়াঁহী আদিৰ ফলত এই ৰোগবিধ সংক্রমণ হয়। আনহাতে গৰ্ভৱতী মহিলাসকলে গৰ্ভাৱস্থাৰ সময়ত হেপাটাইটিছ-বিৰ পৰীক্ষা নকৰাৰ ফলত এই ৰোগবিধ মাতৃৰ পৰা সন্তানলৈ সংক্রমণ হয়। হেপাটাইটিছ-বি পজিটিভ গৰ্ভৱতী মহিলাকে চিকিৎসালয়ত প্ৰসৱ কৰোৱাৰ ফলত নৱজাতকলৈ এই ৰোগ সংক্রমণ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। এই ৰোগবিধৰ পৰা নৱজাতকক সুৰক্ষিত কৰি ৰাখিবলৈ জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত ভেকচিন প্ৰদান কৰিব লাগে। এই ৰোগৰ চিকিৎসা বর্তমান সকলো অসামৰিক চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত বিনামূলীয়াকৈ উপলব্ধ। উল্লেখযোগ্য যে এই বছৰ বিশ্ব হেপাটাইটিছ দিৱসৰ উক্তি হ’ল- ITS TIME FOR ACTION ।

অধিক পঢ়ক

সকলো চাওক