ডাউনলোড
মোবাইল এপ

android apple
signal

ইছৰোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছেঃ অধ্যক্ষ ড° ভি নাৰায়ণন

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰো)ৰ অধ্যক্ষ ড° ভি নাৰায়ণনে কৈছে, যে প্ৰতিষ্ঠানটোৱে এগৰাকী ভাৰতীয়ক চন্দ্ৰলৈ প্ৰেৰণ কৰি সুকলমে পৃথিৱীলৈ ওভতাই অনাৰ এটা বিশেষ অভিযানৰ প্ৰস্তুতি চলাই আছে। তেওঁ লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ প্ৰস্তুতি চলোৱাৰ বাবে ইতিমধ্যে নীতি নিৰ্দেশনা প্রদান কৰিছে আৰু ইছৰোই ২০৪০ চনৰ ভিতৰত এই কাৰ্য সম্পন্ন কৰিব। তেওঁ লগতে ২০৩৫ চনৰ ভিতৰত দেশ নিজাববীয়া মহাকাশ কেন্দ্ৰৰ অধিকাৰী হ’ব বুলিও প্ৰকাশ কৰে। কালি জলন্ধৰৰ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ অষ্টম ছাত্র সংসদত অংশগ্ৰহণ কৰি ড০ নাৰায়ণনে সুদীৰ্ঘ ৯ মাহ মহাকাশত কটাই কিছুদিন পূৰ্বে সুকলমে পৃথিৱীলৈ ঘুৰি অহা নাছা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুশ্ব ৱিলম’ৰৰ প্ৰসংগতো নিজৰ মনোভাৱ ব্যক্ত কৰে। তেনে ধৰণৰ প্ৰত্যাহ্বানপূৰ্ণ আৰু সফল অভিযানসমূহৰ পৰা আমি আমাৰ দেশৰ অভিযানসমূহৰ বাবে শিক্ষা গ্ৰহণ কৰিব পাৰো বুলিও তেওঁ লগতে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক