ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, ইছৰোৱে কালি নিশা স্পেডেক্স অভিযানৰ অধীনত সফলভাৱে দুটা কৃত্রিম উপগ্রহ উৎক্ষেপন কৰিছে। কালি নিশা ৯ বাজি ৫৮ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ উৎক্ষেপন স্থলীৰ পৰা উপগ্রহ দুটা মহাকাশলৈ প্ৰেৰণ কৰা হয়। পি এছ এল ভি C- 60 যানখনে Chaser অর্থাৎ SDX-01 আৰু TARGET অর্থাৎ SDX-02 নামৰ উপগ্ৰহ দুটা ৪৭০ কিলোমিটাৰৰ কক্ষপথত স্থাপন কৰে। এই দুয়োটা উপগ্রহ একেটা কক্ষপথতে ১০ ৰ পৰা ২০ কিলোমিটাৰৰ দূৰত্বত স্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে ভাৰত, ‘ডকিং প্রযুক্তি’ থকা পৃথিৱীৰ ভিতৰত চতুৰ্থখন দেশ হিচাপে পৰিগণিত হয়। উপগ্ৰহ দুটাৰ সফল উৎক্ষেপনৰ পাছত ইছৰোৰ অধ্যক্ষ এছ চোমনাথে কয় যে দুয়োটা উপগ্ৰহৰ পেনেল সফলতাৰে লো আর্থ অৰবিটত স্থাপন কৰা হৈছে আৰু কেইদিনমানৰ পাছতে চেজাৰ আৰু টার্গেটে ২০কিঃমি ভ্ৰমণ কৰি একেলগে ডকিং প্ৰক্ৰিয়া আৰম্ভ কৰিব।
Site Admin | December 31, 2024 12:58 PM | ISRO
শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা স্পেডেক্স অভিযানৰ দুটা কৃত্রিম উপগ্রহ সফল উৎক্ষেপন
