ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 12:05 PM | ISRO

printer

ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি উৎক্ষেপন

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ নৱতম মহাকাশ যান PSLV-C59 আজি বিয়লি শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰা হব। ইছৰোৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি ৪ বাজি ৮ মিনিটত PSLV-C59 যানখনে ইউৰোপীয় মহাকাশ সংস্থাৰ প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডে এই প্রোবা থ্রী উপগ্রহলানি মহাকাশত উৎক্ষেপন বাবে ইউৰোপীয় মহাকাশ সংস্থাৰ পৰা ফৰ্মাচ লাভ কৰিছে। প্রোবা থ্রি উপগ্রহসমূহ কক্ষপথত উপনীত হোৱাৰ পাছত দুটা ভাগত বিভক্ত হব। এই উপগ্রহসমূহে সৌৰ মুকুট, ইয়াৰ চৌপাশৰ বাতাবৰণ, মহাকাশৰ বতৰ আৰু সৌৰ বতাহৰ অধ্যয়ন কৰিব।

অধিক পঢ়ক

সকলো চাওক