আজিৰে পৰা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

● কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু অৰুণাচল প্ৰদেশত আজিৰে পৰা ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। উত্তৰ-পূবৰ উপৰিও ওড়িশা, পশ্চিমবংগ, বিহাৰ, পূব-পশ্চিম উত্তৰ প্ৰদেশ, ৰাজস্থান, ঝাৰখণ্ড আদিতো অহা দুদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। উল্লেখযোগ্য যে বিগত প্রায় এমাহধৰি অৰুণাচল প্রদেশ, অসম তথা উত্তৰ-পূবত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে অসমত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্রতি বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বহু অঞ্চল এতিয়াও বানৰ কবলত আছে। আনহাতে ধাৰাষাৰ বৰষুণৰ ফলত ছিকিম, নাগালেণ্ড, অৰুণাচল প্রদেশ আদি অঞ্চলত ভূমিস্খলন হৈ ব্যাপক হাৰত ধন-জনৰ হানি হৈছে।

অধিক পঢ়ক

সকলো চাওক