ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু ২৮ ৰানত পৰাস্ত

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক ২৮ ৰানত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই ১৮২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ ময়ংক যাদৱে তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮১ ৰান কৰে। লক্ষ্ণৌৰ হৈ কুইণ্টন ডি ক’কে সৰ্বাধিক ৮১ ৰান কৰে। প্রতিযোগিতাত আজি বিশাখাপট্টনমৰ ডি ৱাই এছ ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ডেলহি কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক