আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত গুজৰাট টাইটানছ VS পাঞ্জাব কিংছ

♦ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে, কলকাতা নাইট ৰাইডার্হে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৭২ ৰান কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩৯টা বলত ৮৫ ৰান আৰু অংকৃষ ৰঘুবংশীয়ে ২৭টা বলত ৫৪ ৰান কৰে। প্ৰত্যুত্তৰত লেহি কেপিটেলছে ২৭৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ অধিনায়ক ঋষভ পণ্টে ২৫টা বলত ৫৫ ৰান ত্ৰিষ্টন স্তব্‌সে ৩২টা বলত ৫৪ ৰানৰ বৰঙণি আগবঢ়ায়।

Read More News :

উত্তৰ-পূৰ্বাঞ্চলত দেওবাৰলৈকে ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

অধিক পঢ়ক

সকলো চাওক