আই পি এলত যোৱানিশা দেলহি কেপিটেলছ ১০৬ ৰানত পৰাস্ত

♦ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা বিশাখাপট্টনমত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহি কেপিটেলছক ১০৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৭২ ৰান কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩৯টা বলত ৮৫ ৰান আৰু অংকৃষ ৰঘুবংশীয়ে ২৭টা বলত ৫৪ ৰান কৰে। প্ৰত্যুত্তৰত লেহি কেপিটেলছে ২৭৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৬ ৰানহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ অধিনায়ক ঋষভ পণ্টে ২৫টা বলত ৫৫ ৰান আৰু ত্ৰিষ্টন স্তব্‌সে ৩২টা বলত ৫৪ ৰানৰ বৰঙণি আগবঢ়ায়। প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক