ডাউনলোড
মোবাইল এপ

android apple
signal

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব। ২৩ বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। তদুপৰি যুৱ ক্রিকেটপ্রেমীসকলে সঞ্জু ছেমচন, ধ্ৰুৱ জুৰেল, চিমৰণ হেটমায়াৰ, যশস্বী জয়ছৱালৰ উপৰি কলকাতা নাইট ৰাইডাৰ্ছৰ আজিংক্য ৰাহানে, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, বৰুণ চক্ৰৱৰ্তী আদিকে ধৰি নিজ নিজ ক্রিকেট আইডলসমূহৰ খেল উপভোগ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। আজিৰ খেলখনৰ পৰিপ্ৰেক্ষিতত যান-বাহন আৰক্ষীয়ে গুৱাহাটী মহানগৰত কেতবোৰ পথৰ যাতায়তৰ ক্ষেত্ৰত কিছু সালসলনি কৰিছে। সেই অনুসৰি দিনৰ ২ বজাৰ পৰা নিশা ১২ বজালৈ জি এছ ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, ড০ ভূপেন হাজৰিকা পথ, মৰাভৰলু পথ, এফ এ ৰোড, ধুপলীয়া ৰোড, বিষ্ণুপুৰ ৰোড, বিৰুবাৰী-জি এম চি ৰোড আৰু কাহিলিপাৰা ৰোডত বাণিজ্যিক বাহন আৰু লেহেমীয়া গতিৰ বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে, বিয়লি চাৰে চাৰি বজাৰ পাছত লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলিলৈ কাৰ পাছ থকা বাহনকহে চলাচলৰ অনুমতি দিয়া হ’ব। প্রতিযোগিতাত একেখন ষ্টেডিয়ামতে অহা ৩০ মার্চত হ’বলগীয়া আন এখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থানৰ ৰয়েলছৰ বিৰুদ্ধে খেলিব। ইপিনে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাৱ কিংছে গুজৰাট টাইটানছক ১১ ৰাণত পৰাস্ত কৰে। পাঞ্জাৱ কিংছে নিৰ্ধাৰণ কৰি দিয়া ২৪৪ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩২ ৰাণহে কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক