আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ’ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দাবাদক ৭ উইকেটত পৰাস্ত কৰে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ঘৰুৱা দলটোৱে আৰম্ভণিতেই তিনিটা উইকেট হেৰুৱাইছিল যদিও সূর্যকুমাৰ যাদবৰ অপৰাজিত শতকৰ সহায়ত ১৭ অভাৰ ২ টা বলত ১৭৪ ৰানৰ লক্ষ্য সফলতাৰে অতিক্ৰম কৰে। খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱা যাদৱে ৫১টা বলত ১০২ ৰাণ সংগ্ৰহ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছে ২০ অভাৰত ৮ উইকেট হেৰুৱাই মুঠ ১৭৩ ৰান সংগ্ৰহ কৰিছিল। দলৰ হৈ অ’পেনাৰ ট্ৰেভিছ হেডে ৩০টা বলত ৪৮ ৰান সংগ্ৰহ কৰে। আনহাতে মুম্বাইৰ হৈ অধিনায়ক হার্দিক পাণ্ডিয়া আৰু পিযুষ চাওলাই তিনিটাকৈ উইকেট দখল কৰে। এই পৰাজয়ৰ পিছত হায়দাবাদ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ এই জয়েৰে তালিকাৰ নৱম স্থানলৈ উন্নীত হয়।

অধিক পঢ়ক

সকলো চাওক