ছৌদি আৰৱৰ জেড্ডাত অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি দ্বিতীয় তথা অন্তিম দিনা ভাৰতীয় বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰে সৰ্বাধিক দৰ লাভ কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ভূৱনেশ্বৰ কুমাৰক ১০ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে বেগী বলাৰ দীপক চাহাৰে দ্বিতীয় সৰ্বাধিক দৰ লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছে দীপক চাহাৰক ৯ কোটি ২৫ লাখ টকাত ক্ৰয় কৰে। আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে বেগী বলাৰ আকাশদ্বীপক ৮ কোটি, ৰাজস্থান ৰয়েলছে উদীয়মান বলাৰ তুষাৰ দেশপাণ্ডেক ৬ কোটি ৫০ লাখ, বেটাৰ নীতিশ ৰাণাক ৪ কোটি ২০ লাখ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে অলৰাউণ্ডাৰ ক্রুনাল পাণ্ডিয়াক ৫ কোটি ৭৫ লাখ আৰু গুজৰাট টাইটানছে বলিং-অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰক ৩ কোটি ২০ লাখ টকাত ক্ৰয় কৰে। খেলুৱৈৰ নিলামত আজিংক্য ৰাহানে, পৃথ্বী শ্ব’, মায়ংক আগৰৱাল, ছাদুল ঠাকুৰক কোনো দলে ক্রয় নকৰিলে।
Site Admin | November 25, 2024 8:29 PM | IPL nilam