আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ইফালে গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৩৫ ৰানত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে ২৩২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৯৬ ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিল মিছেলে সৰ্বাধিক ৬৩ ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট বিনিময়ত ২৩১ ৰান কৰে। গুজৰাটৰ হৈ অধিনায়ক শুভমন গিলে ৫৫টা বলত ১০৪ ৰান কৰে। ছাই সুদর্শনে ৫১টা বলত ১০৩ ৰানৰ বৰঙণি আগবঢ়ায়। শুভমন গিলক প্লেয়াৰ অব দ্যা মেছ হিচাপে ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক