ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীয়ে ৩টাকৈ মুঠ ৬টা উইকেট লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং লাইন বিধবস্ত কৰে। দলটোৰ হৈ কে এল ৰাহুল আৰু মাৰ্কাছ ষ্ট’ইনিছে ৫০ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াই যদিও কে এল ৰাহুল আউট হোৱাৰ পাছতে সকলোখিনি চেষ্টা অথলে যায়। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২৩৫ ৰান সংগ্ৰহ কৰে। দলৰ হৈ সুনীল নাৰাইনে মাত্ৰ ৩৯টা বলতে ৮১ ৰান কৰে। লক্ষ্ণৌৰ হৈ নৱীন উল হকে ৩টাকৈ উইকেট দখল কৰে। এই জয়ৰ পাছতে কলকাতা নাইট ৰাইডাৰ্ছ ১৬ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষ স্থানত আছে। ইপিনে ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পাঞ্জাব কিংছক ২৮ ৰানত পৰাজিত কৰে। খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৬ টা বলত সৰ্বাধিক ৪৩ ৰান কৰে। পাঞ্জাব দলৰ হৈ ৰাহুল চাহাৰ আৰু হৰ্ম্মল পেটেলে ৩ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সক্ষম হয়। চেন্নাইৰ ৰবীন্দ্ৰ জাদেজাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। চেন্নাই বৰ্তমান পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে পাঞ্জাব অষ্টম স্থানত আছে। প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক