আই পি এলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ৰাজস্থান ৰয়েলছে কালি আই পি এল ক্রিকেট প্রতিযোগিতাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি মুম্বাইয়ে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৫ ৰান সংগ্ৰহ কৰে।

Read More News : 

মুম্বাইৰ হৈ অধিনায়ক হার্দিক পাণ্ডিয়াই ২১টা বলত ৩৪ ৰাণ কৰাৰ বিপৰীতে তিলক বৰ্মাই ২৯টা বলত ৩২ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থানৰ হৈ ট্ৰেণ্ট ব’ল্ট আৰু য়ুজবেন্দ্ৰ চাহালে ৩টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৫ অভাৰ আৰু ৩টা বলত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ ৰিয়ান পৰাগে ৩৯টা বলত ৫৪ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ট্রেণ্ট ব’ল্টক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাখনত এতিয়ালৈকে তিনিওখন খেলতে জয়ী হোৱাৰ সুবাদত ৰাজস্থান ৰয়েলছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে তিনিখন খেলত পৰাস্ত হোৱা মুম্বাইৰ দলটো অন্তিম স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক