আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছ ১১ পইণ্টেৰে অষ্টম স্থানত আছে। আনহাতে, কলকাতা নাইট ৰাইডাৰ্ছ ১৯ পইণ্টেৰে পইণ্ট তালিকাৰ শীৰ্ষত আছে।

গুৱাহাটীত যোৱানিশা অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ৰিলে ৰোচ’ৱ আৰু শশাংক সিঙৰ উইকেট হেৰুৱাই বিপর্যয়ৰ সন্মুখীন হয় যদিও ৪১টা বলত ৬৩ ৰান কৰি অপৰাজিত হৈ ৰোৱা ছেম কুৰেন আৰু জিতেশ শৰ্মাৰ যুটিয়ে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দলটোৱে সহজে জয় লাভ কৰে। পাঞ্জাব কিংছে ১৮ অভাৰ আৰু ৫টা বলত ৫ উইকেট হেৰুৱাই ১৪৫ ৰান কৰে। ৰাজস্থানৰ হৈ অৱেশ খান আৰু য়ুজবেন্দ্ৰ চহলে দুটাকৈ উইকেট দখল কৰে। ৰাজস্থান ৰয়েলছে কালিৰ ফলাফলৰ পাছত একেৰাহে ৪খন খেলত পৰাজয়বৰণ কৰিছে যদিও দলটো ১৬ পইণ্টেৰে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে। আনহাতে পাঞ্জাব কিংছ পইণ্ট তালিকাৰ দশম স্থানৰ পৰা নৱম স্থানলৈ উন্নীত হৈছে।

অধিক পঢ়ক

সকলো চাওক