আই পি এল ক্রিকেট প্রতিযোগিতাত ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাজিত কৰে। ১৬৬ ৰাণৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দাবাদে নিৰ্ধাৰিত অভাৰ শেষ হ’বলৈ ১১টা বল বাকী থকা অৱস্থাতেই ৬ উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৬৫ ৰাণ সংগ্ৰহ কৰে। হায়দাবাদৰ হৈ অভিষেক শর্মাই মাত্র ১২টা বলত ৩৭ ৰাণ কৰাৰ বিপৰীতে এইডেন মার্কৰামে ৩৬টা বলত ৫০ ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ হৈ শিৱম ডুবেই সৰ্বাধিক ৪৫ ৰাণ কৰে। অভিষেক শৰ্মাক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক