ডাউনলোড
মোবাইল এপ

android apple
signal

April 3, 2025 12:52 PM | IPL

printer

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

গুজৰাট টাইটানছে যোৱানিশা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুক ৮ উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটানছে ১৭০ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত দুটা উইকেট হেৰুৱাই নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ১৬৯ ৰান কৰে।

প্রতিযোগিতাত আজি কলকাতাৰ ইডেন গার্ডেনছত হবলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ, যোৱাবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হব।

অধিক পঢ়ক

সকলো চাওক