ডাউনলোড
মোবাইল এপ

android apple
signal

April 2, 2025 1:35 PM | IPL

printer

আই পি এল টি-২০ ত আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত কালি নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছক পঞ্জাৱ কিংছে ৮ উইকেটত পৰাস্ত কৰে । খেলখনত স্কিপাৰ শ্ৰেয়াৰ্চ আয়াৰে ৫২ৰাণৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টচৰ হৈ দিগভেজ সিং ৰাথীয়ে দুয়োটা উইকেট দখল কৰে। টচত জিকি খেলখনত পঞ্জাৱ কিংছে প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেট ধৰি লক্ষ্ণৌ ছুপাৰ জায়েন্টছে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৭১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত পঞ্জাৱ কিংছে ১৬ অভাৰ আৰু দুটা বলত মাত্ৰ দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ইয়াৰ পূৰ্বৰ এখন খেলত ৫টা উইকেটত চানৰাইজাৰ্চ হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰিছিল যদিও আন এখন খেলত দেহলী কেপিটেলছৰ হাতত পৰাস্ত হৈছিল। আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু গুজৰাট টাইটানছৰ মুখামুখি হব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হব।

অধিক পঢ়ক

সকলো চাওক