আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ’বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু এটা বলত ৫টা উইকেট হেৰুৱাই ১৯৩ ৰান কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ হৈ নিক’লাছ পুৰাণে ২৬টা বলত ৭০ ৰান আৰু মিচেল মাৰ্ছে ৩১টা বলত ৫২ ৰান কৰে। হায়দাবাদৰ অধিনায়ক পেট কামিন্সে দুটা উইকেট লাভ কৰে। ইয়াৰ আগেয়ে ছানৰাইজাৰ্ছ হায়দাবাদে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ ৰান কৰে। হায়দাবাদৰ হৈ ট্ৰেভিছ হেডে ৪৭ আৰু অনিকেট বাৰ্মাই ৩৬ ৰানৰ বৰঙণি আগবঢ়ায়। লক্ষ্ণৌৰ হৈ চাৰিটা উইকেট দখল কৰা ছাদুল ঠাকুৰক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ।