ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত গুজৰাট টাইটানছৰ

গুজৰাট টাইটানছে যোৱানিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫৮ ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ২১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২১৭ ৰান কৰে। গুজৰাটৰ হৈ ছাই সুদৰ্শনে ৫৩টা বলত ৮২ ৰান কৰে। সুদৰ্শনক প্লেয়াৰ অব্ দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷ এই জয়ৰ সুবাদত গুজৰাট প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হৈছে। ৰাজস্থান ৰয়েলছ সপ্তম স্থানত আছে।

প্রতিযোগিতাত আজি বেংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ডেলহি কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক