আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লে-অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দলে এক পইণ্টকৈ লাভ কৰে। ফলত প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত ইতিমধ্যে প্লে-অফ পৰ্যায়ত প্ৰৱেশ কৰা কলকাতা নাইট ৰাইডাৰ্ছৰ স্থান নিশ্চিত হৈ পৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুসহ ৬টা দল প্রতিযোগিতাৰ প্লে-অফ পৰ্যায়ৰ দৌৰত আছে। আনহাতে, কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্ৰিকেট ষ্টেডিয়ামত এখন খেলত পাঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ’ব। পাঞ্জাব কিংছৰ খেলুৱৈসকল দেওবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পাছত ৰাজস্থান ৰয়েলছৰ দলটো কালি বিয়লি বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। ইফালে ১৯ মে’ৰ দিনা সন্ধিয়া পুনৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত আন এখন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব।
Site Admin | May 14, 2024 6:18 PM | IPL 2024