IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব

♦ আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দাবাদে ৯খন খেলৰ ভিতৰত পাঁচখনত জয়লাভ কৰি পঞ্চম স্থানত আছে। ইফালে, পাঞ্জাব কিংছে যোৱা নিশা চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই চুপাৰ কিংছক সাত উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে ১৬৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ আৰু ৫টা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। পাঞ্জাবৰ হৈ অপেনাৰ জনী বেয়ৰষ্টোই ৪৬ ৰাণ কৰাৰ বিপৰীতে ৰীলে ৰোছৌৱে ৪৩ ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ চার্দূল ঠাকুৰ, শিৱম ডুবে আৰু ৰিছাৰ্ড গ্লিছনে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৭টা উইকেট হেৰুৱাই ১৬২ ৰাণ কৰে। চেন্নাইৰ ৰুতুৰাজ গাইকোৱোডে ৪৮টা বলত সৰ্বাধিক ৬২ ৰাণ কৰে। পাঞ্জাবৰ হৈ হৰপ্ৰীত ব্ৰাৰ আৰু ৰাহুল চাহৰে দুটাকৈ উইকেট লাভ কৰে। এই জয়ৰ সুবাদত পাঞ্জাব প্রতিযোগিতাৰ পইণ্ট তালিকাত অষ্টমৰ পৰা সপ্তম স্থানলৈ উন্নীত হৈছে। চেন্নাই বর্তমান চতুর্থ স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক