আই পি এল ক্রিকেট প্রতিযোগিতাত গুৱাহাটীত হ’বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ সন্মুখীন হ’ব। বর্তমানলৈকে ১৬ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাব কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে।
ডেলহি কেপিটেলছে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত ডেলহি কেপিটেলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেটৰ বিনিময়ত ২০৮ ৰাণ কৰে। প্ৰত্যুত্তৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৮৯ ৰাণহে কৰিবলৈ সমর্থ হয়। ডেলহি কেপিটেলছ কালিৰ জয়ৰ সুবাদত প্ৰতিযোগিতাৰ পইণ্ট তালিকাত পঞ্চম স্থানলৈ উন্নীত হৈছে। দলটোৱে এইবাৰৰ ১৪খন খেলৰ ৭খনত জয়লাভ কৰি ১৪ পইণ্ট অৰ্জন কৰিছে। আনহাতে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে বৰ্তমানলৈ খেলা ১৩খন খেলৰ ৬খনত জয়লাভ কৰি ১২ পইণ্টেৰে পইণ্ট তালিকাৰ সপ্তম স্থানত আছে। দুয়োটা দল প্লে-অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা বাকী খেলসমূহৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব।