ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2024 6:35 PM | IPL 2024

printer

গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিকূল বতৰৰ বাবে খেলখন ৭ অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয় যদিও ইয়াৰ ঠিক পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয়। ফলাফলবিহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থাকে। প্রতিযোগিতাৰ প্লেঅফ পৰ্যায়ত দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে এলিমিনেটৰ যুঁজত অৱতীৰ্ণ হ’ব। ইপিনে ছানৰাইজাৰ্ছ হায়দৰাবাদে কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে কালি হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক ৪ উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১৭ পইণ্টেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ দ্বিতীয় স্থানত থকাৰ বিপৰীতে ১৯ পইণ্টেৰে কলকাতা নাইট ৰাইডাৰ্ছ প্রথম স্থানত আৰু ৰাজস্থান ৰয়েলছ ১৬ পইণ্টেৰে তৃতীয় স্থানত আছে।

 

অধিক পঢ়ক

সকলো চাওক