ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱানিশা হিমাচল প্ৰদেশৰ ধৰ্মশালাত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৬০ ৰানত পৰাস্ত কৰে। পাঞ্জাব কিংছে ২৪২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৮১ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰোচৌৱে সৰ্বাধিক ৬১ ৰান কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰৰ মহম্মদ ছিৰাজে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে স্বপ্ননীল সিং, কৰ্ণ শৰ্মা আৰু ল’কী ফার্গুছনে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰুই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেটৰ বিনিময়ত ২৪১ ৰান কৰে। বেংগালুৰুৰ হৈ বিৰাট কোহলিয়ে মাত্র ৪৭টা বলত ৯২ ৰান কৰে। ৰজত পাটিদাৰে ৫৫ ৰানৰ বৰঙণি আগবঢ়ায়। পাঞ্জাবৰ হৈ হৰ্ষল পেটেলে তিনিটা উইকেট লাভ কৰে। বিৰাট কোহলিক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। কোহলিয়ে কালিৰ প্ৰদৰ্শনৰ পাছত পাঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এল ক্রিকেট প্রতিযোগিতাত এহেজাৰ ৰান অতিক্ৰম কৰে আৰু এই প্ৰতিযোগিতাৰ ইতিহাসত তিনিটা প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে এনে কৃতিত্ব অর্জন কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। কোহলিয়ে ইতিমধ্যে দেলহী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এহেজাৰ ৰান সংগ্ৰহ কৰিছে। কালিৰ ফলাফলৰ অন্তত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু প্ৰতিযোগিতাৰ পইণ্ট তালিকাত সপ্তম স্থানত আৰু পাঞ্জাৱ নৱম স্থানত আছে। প্ৰতিযোগিতাত আজি গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ, গুজৰাট টাইটানছৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।
Site Admin | May 10, 2024 11:56 AM | IPL 2024