ডাউনলোড
মোবাইল এপ

android apple
signal

April 22, 2024 11:15 AM | IPL 2024

printer

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ খেল ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব।

 

প্রতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা য়াৰাবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পাঞ্জাব কিংছক ৩ উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ১৪২ ৰান কৰে। দলটোৰ হৈ প্ৰভসিমৰণ সিঙে সৰ্বাধিক ৩৫ ৰান কৰাৰ বিপৰীতে গুজৰাটৰ আৰ ছাই কিশোৰে ৪টাকৈ উইকেট দখল কৰে। গুজৰাটে ১৯ অভাৰ এটা বলত ৭টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ছাই কিশোৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়।

ইপিনে, কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত প্রথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ১ ৰানত পৰাস্ত কৰে। কলকাতাই প্রথমে বেট ধৰি ২২২ ৰানৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলটোৰ হৈ শ্ৰেয়ছ আয়াৰে ৫০ ৰান কৰাৰ বিপৰীতে ফিলিপ ছল্টে মাত্র ১৪টা বলত ৪৮ ৰান কৰে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নির্ধাৰিত অভাৰত ২২১ ৰান কৰিবলৈ সমৰ্থ হয়। কলকাতাৰ আণ্ডে ৰাছেলক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। কলকাতা বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ অন্তিম স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক