লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক ৮ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৭৭ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত দুটা উইকেট হেৰুৱাই ১৮০ ৰাণ কৰে। লক্ষ্ণৌৰ হৈ কে এল ৰাহুলে ৫৩টা বলত ৮২ ৰাণ কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭৬ ৰাণ কৰে। চেন্নাইৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৫৭ ৰাণ কৰে। লক্ষ্ণৌৰ ক্রুনাল পাণ্ডিয়াই দুটা উইকেট দখল কৰে। কে এল ৰাহুলক প্লেয়াৰ অৱ দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব।
Site Admin | April 20, 2024 12:24 PM | IPL 2024