আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা চণ্ডিগড়ত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৯ ৰানত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ১৯২ ৰান কৰে। মুম্বাইৰ হৈ সূৰ্যকুমাৰ যাদৱে ৫৩ টা বলত ৭৮ ৰান কৰে। পাঞ্জাব কিংছৰ হৰ্ষল পেটেলে ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে ১৯ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাব কিংছৰ আশুতোষ শৰ্মাই ২৮টা বলত ৬১ ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাইৰ হৈ যশপ্রীত বুমৰাহ আৰু জেৰেল্ড কোড্জিয়ে ৩টাকৈ উইকেট দখল কৰে।
Site Admin | April 19, 2024 5:53 PM | IPL 2024