আই পি এল টি টুৱেন্টি ক্রিকেট প্রতিযোগীতাত কালি মুম্বাইৰ ৱাংখাডে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে মুম্বাই ইণ্ডিয়ানছক ১২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ২২২ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেটৰ বিনিময়ত ২২১ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুওৱাই ২০৯ ৰাণ কৰে। ইয়াৰ পূৰ্বে টচত জিকি মুম্বাই ইণ্ডিয়ানছে প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। আজি দিনৰ চাৰে তিনিবজাত কলকাতাৰ ইডেন গার্ডেনছত হবলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰছ লক্ষ্ণৌ চুপাৰ জায়েন্টছৰ মুখামুখি হব।
পাঞ্জাৱত হবলগীয়া আন এখন খেলত পাঞ্জাৱ কিংছে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হব ।