ডাউনলোড
মোবাইল এপ

android apple
signal

April 4, 2025 11:44 AM | IPL

printer

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ছানৰাইডাৰ্ছ হায়দৰাবাদ ৮০ ৰানত পৰাস্ত

কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ছানৰাইডাৰ্ছ হায়দৰাবাদক ৮০ ৰানত পৰাস্ত কৰে। ছান ৰাইজাৰ্ছ হায়দৰাবাদে ২০১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৬ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১২০ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে, কলকাতা নাইট ৰাইডাৰ্ছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্ৰহ কৰে।

প্রতিযোগিতাত আজি লক্ষ্ণৌত হ’বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।

 

অধিক পঢ়ক

সকলো চাওক