● আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক ৩৯ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ চলিত সংস্কৰণত নিজৰ ষষ্ঠ বিজয় সাব্যস্ত কৰে। ১৯৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি কলকাতা দলটোৱে নিৰ্ধাৰিত ২০ অভাৰ অজিংক্য ৰাহানেৰ অৰ্ধশতক সত্বেও ৫টা উইকেট হেৰুৱাই ১৫৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাটৰ হৈ প্রসিধ কৃষ্ণা আৰু ৰাছিদ খানে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছিৰাজ, ঈশান্ত শৰ্মা, ৱাছিংটন সুন্দৰ আৰু ৰবি শ্রীনিবাসন ছাই কিশোৰে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেট হেৰুৱাই ১৯৮ ৰান কৰে। দলৰ হৈ অধিনায়ক শুভমন গিলে ৯০ আৰু ছাই সুদৰ্শনে ৫২ ৰানৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ আৰোৰা, হৰ্ষিত ৰাণা আৰু আন্দ্ৰে ৰাছেলে এটাকৈ উইকেট লাভ কৰে।
প্রতিযোগিতাত আজি লক্ষ্ণৌৰ ভাৰতৰত্ন শ্রীঅটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ডেলহী কেপিটেলছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।