সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

সমগ্র দেশতে আজি দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু- কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা মূল অনুষ্ঠানত অংশগ্রহণ কৰে। এই উপলক্ষে সমাজৰ বিভিন্ন শ্রেণীৰ সাত হেজাৰৰো অধিক লোকে শ্ৰীনগৰৰ ডাল হ্ৰদৰ পাৰত প্রধানমন্ত্ৰীৰ সৈতে যোগাভ্যাস কৰে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও গণপতৰাও যাধৱ আৰু আন ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। বিদেশী দূতাবাস আৰু ভাৰতীয় মিছনসমূহেও যোগৰ ব্যাপক প্ৰভাৱক প্ৰতিফলিত কৰি এই দিৱসত অংশ লয়।
যোগ দিৱসৰ কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিশ্বত যোগাভ্যাস কৰা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। যোগে প্ৰদান কৰা ধনাত্মক শক্তিৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লোকে যোগাভ্যাসক আকোৱালি লোৱা বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ২০১৫ চনত যোগে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ কথা সোঁৱৰণ কৰি প্রধানমন্ত্ৰীগৰাকীয়ে তুর্কমেনিস্তানত পৰম্পৰাগত ঔষধ আৰু যোগকেন্দ্ৰ স্থাপন কথাও উল্লেখ কৰে। ব্যক্তিগত কল্যাণ আৰু সামাজিক সমন্বয় উভয়ৰে প্ৰসাৰৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰি এই বছৰ নিজৰ লগতে সমাজৰ বাবে যোগ বিষয়বস্তুৰে এই দিৱস উদযাপন কৰা হৈছে। যোগাভ্যাসৰ জৰিয়তে গোলকীয় স্বাস্থ্য আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ উদ্দেশ্যে বাৰ্তা বহন কৰা হাজাৰ হাজাৰ অংশগ্ৰহণকাৰী ঐক্যবদ্ধ কৰাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু গ্ৰাম্যাঞ্চলৰ যোগৰ প্ৰসাৰৰ হকে কাম কৰিবলৈ গাঁওসভাৰ মুৰববীসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভাৰম্ভ কৰাৰে পৰা প্ৰধানমন্ত্ৰীয়ে যোগাভ্যাসৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শ্ৰী মোদীয়ে দিল্লীৰ কৰ্তব্য পথ, ছণ্ডীগড়, ডেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশুৰ আৰু নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়সহ বিশ্বৰ বিভিন্ন প্ৰসিদ্ধ স্থানত যোগ সমাৰোহত অধ্যক্ষতা কৰিছে।

অধিক পঢ়ক

সকলো চাওক