ভাৰত আৰু ছিংগাপুৰৰ মাজত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ছিংগাপুৰে স্বাস্থ্য আৰু ঔষধ, শিক্ষা আৰু দক্ষতা বিকাশ, ডিজিটেল প্রযুক্তি আৰু অৰ্ধপৰিবাহীৰ অৰ্থ ব্যৱস্থাৰ সহযোগিতা সন্দৰ্ভত চাৰিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়োখন দেশে সংহত কৌশলগত সহযোগিতাক অধিক ত্বৰান্বিত কৰাৰ হকে সন্মতি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্ণ প্ৰসাৰ লাভ কৰিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ মাজত আজি অনুষ্ঠিত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ পাছত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ছিংগাপুৰত অনুষ্ঠিত এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বি-পাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।
পাৰস্পৰিক অর্থনৈতিক সম্পৰ্কৰ উন্নতিৰ বিষয়টোৰ বুজ লৈ উভয় পক্ষই দেশ দুখনৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ বিষয়টোক অধিক সম্প্ৰসাৰিত কৰাৰ হকেও মত পোষণ কৰে। আলোচনাকালত প্রধানমন্ত্ৰী মোদীয়ে ভাৰতীয় অর্থনীতিত প্রায় ১৬০ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগেৰে অৰ্থনৈতিক দিশৰ পৰা ছিংগাপুৰ এখন আগশাৰীৰ সহযোগী দেশ হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখ কৰে। একেদৰে ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত তথা সুস্থিৰ বিকাশে ছিংগাপুৰৰ বিভিন্ন প্ৰতিষ্ঠানৰ বাবে বিনিয়োগৰ বৃহৎ সুযোগৰ সৃষ্টি কৰা বুলিও তেওঁ লগতে মত প্ৰকাশ কৰে।

ImageImage
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সামুদ্রিক পথৰ ব্যৱহাৰৰ ক্ষেত্ৰত সতর্কতা, শিক্ষা, কৃত্রিম বুদ্ধিমত্তা, ফিণ্টেক্, বিজ্ঞান আৰু প্ৰযুক্তি আদি ক্ষেত্ৰসমূহৰ পাৰস্পৰিক সহযোগিতাৰ দিশটোও পর্যালোচনা কৰে। দেশ দুখনৰ মাজৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ লগতে জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বিষয়তো নেতা দুগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। আনহাতে সেউজ কৰিড’ৰ প্ৰকল্পৰ প্ৰসাৰ বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ লগতে নেতা দুগৰাকীয়ে যোৱা মাহত ছিংগাপুৰত অনুষ্ঠিত ভাৰত-ছিংগাপুৰৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ দ্বিতীয়খন ঘূৰণীয়া মেজমেলৰ ফলাফলসমূহৰ বিষয়েও আলোচনা কৰে। তদুপৰি তেওঁলোকে অহা বছৰ হ’বলগীয়া উভয় দেশৰ দ্বি-পাক্ষিক সম্পৰ্কৰ ৬০ সংখ্যক বাৰ্ষিকীৰ বিষয়ে আলোচনা কৰাৰ লগতে ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ মাজৰ সম্পৰ্ক আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল সন্দৰ্ভত ভাৰত-বৰ্ষৰ দৃষ্টিভংগীৰ লেখীয়া পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈয়ে মত বিনিময় কৰে।

Image

আনহাতে, নিজৰ মন্তব্যত প্রধানমন্ত্ৰী মোদীয়ে, ছিংগাপুৰক কেৱল এখন সহযোগী দেশেই নহয়, বৰঞ্চ উন্নয়নশীল দেশসমূহৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলিও অভিহিত কৰে। আনহাতে, দেশখনত বসবাস কৰা ভাৰতীয় মূলৰ ৩.৫০ লাখ লোক উভয় দেশৰ মাজৰ সম্পৰ্কৰ শক্তিশালী বুনিয়াদ বুলিও তেওঁ উল্লেখ কৰে। আজিৰ বৈঠকৰ পাছত দুয়োগৰাকী নেতাই ছিংগাপুৰৰ অৰ্ধপৰিবাহী আৰু বৈদ্যুতিন খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান এ ই এম হ’ল্ডিংছ অর্ধপৰিবাহী উৎপাদন গোটৰ উৎপাদনস্থলী পৰিদৰ্শন কৰি ছেমি কণ্ডাক্টৰৰ গোলকীয় খণ্ডত প্ৰতিষ্ঠানটোৰ ভূমিকা তথা ভাৰতবৰ্ষত ইয়াৰ কাম-কাজৰ পৰিকল্পনা সন্দৰ্ভত বুজ লয়। প্রধানমন্ত্রী মোদীয়ে লগতে চলিত মাহত বৃহত্তৰ নয়দাত আয়োজিত ‘ছেমিকন ইণ্ডিয়া’ শীর্ষক প্রদর্শনীত অংশগ্ৰহণৰ বাবে ছিংগাপুৰৰ অৰ্ধপৰিবাহী খণ্ডৰ প্ৰতিষ্ঠানসমূহক আমন্ত্ৰণ জনায়। আনহাতে, ছিংগাপুৰৰ এ ই এম হল্ডিংছ অর্ধপৰিবাহী উৎপাদন গোটত প্ৰশিক্ষাৰ্থী হিচাপে কৰ্মৰত ওড়িশাৰ দক্ষতা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতে পূৰ্বে ভাৰতলৈ অহা ছিংগাপুৰৰ প্ৰশিক্ষাৰ্থীসকলৰ লগতো তেওঁ মত বিনিময় কৰে। ইয়াৰ পূৰ্বে ব্রুনেইৰ সফল ভ্ৰমণ সামৰি কালি বিয়লি শ্ৰীমোদী ছিংগাপুৰৰ লায়ন চহৰত উপস্থিত হয়। ছিংগাপুৰৰ প্রধানমন্ত্ৰীয়ে শ্রীমোদীৰ সন্মানার্থে ব্যক্তিগত নৈশ ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্রীয়ে সামাজিক মাধ্যম যোগে শ্ৰীৱঙৰ সৈতে বিভিন্ন বিষয় লৈ গুৰুত্বপূৰ্ণ আলোচনা হোৱা বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে, ভাৰতে ছিংগাপুৰৰ সৈতে থকা বন্ধুত্বপূর্ণ সম্পৰ্কত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদী আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি আৰু অন্য গণ্য মান্য ব্যক্তিৰ সৈতে বৈঠকত মিলিত হ’ব।

অধিক পঢ়ক

সকলো চাওক