ডাউনলোড
মোবাইল এপ

android apple
signal

গোলাঘাটৰ দেওপাহাৰত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবঃ মুখ্যমন্ত্ৰী

কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ নুমলীগড়ৰ দেওপাহাৰ ভ্ৰমণ কৰে। দেওপাহাৰৰ শৃংগত থকা পুৰণি মন্দিৰত সেৱা লৈ পাহাৰটোত থকা প্ৰত্নতাত্ত্বিক সমলসমূহ সংৰক্ষণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই সন্দৰ্ভত বিতং প্রকল্প প্রতিবেদন প্রস্তুত কৰিবলৈ গোলাঘাট আয়ুক্তক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাজিৰঙালৈ অহা পৰ্যটকসকলক দেওপাহাৰৰ সৌন্দৰ্য তথা অষ্টম, নৱম শতিকাৰ সমলসমূহ চাবলৈ আহ্বান জনায়। নুমলীগড়ৰ হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ দেওপাহাৰ ভ্ৰমণৰ সময়ত মন্ত্ৰী অতুল বৰা, শ্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্রসাদ তাছা, বিধায়ক মৃণাল শ‍ইকীয়া আৰু বিশ্বজিৎ ফুকনে সংগ দিয়ে।

অধিক পঢ়ক

সকলো চাওক