ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেৰ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে ভোটদানৰ চূড়ান্ত হাৰ ঘোষণাত অযথা পলম কৰা বুলি অসন্তুষ্টি প্ৰকাশ কৰিছে। বিৰোধী মৰ্চা আই এড ডি আইৰ নেতৃবৰ্গলৈ লিখা এখন পত্ৰত তেওঁ কয় যে নির্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ চূড়ান্ত হাৰ প্ৰকাশ নকৰাটোৱে প্ৰকৃত তথ্যৰ ক্ষেত্ৰত সন্দেহৰ সৃষ্টি কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ মনত হোৱা এই সন্দেহৰ পৰিপ্ৰেক্ষিতত আয়োগে কেৱল প্ৰতিটো লোকসভা সমষ্টিৰ তথ্যই নহয়, বৰং প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰৰ ভোটদানৰ প্ৰকৃত হাৰ প্ৰকাশ কৰা উচিত। প্রথম দুটা পৰ্যায়ৰ ভোটগ্রহণ প্রক্রিয়াক বিজেপিয়ে প্রভাৱিত কৰা বুলিও শ্ৰী খাৰ্গেয়ে অভিযোগ কৰে। তেওঁ লগতে গণতন্ত্ৰক সুৰক্ষা দিবলৈ আৰু নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা ৰক্ষাত সহযোগিতা কৰিবলৈ বিৰোধী নেতাসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক