ডাউনলোড
মোবাইল এপ

android apple
signal

August 13, 2024 1:48 PM | Independence Day

printer

ৰাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি

♦ ৰিাজ্যৰ বিভিন্ন জিলাত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাই থকা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া অনুষ্ঠানৰ বাবে আৰক্ষী বেটেলিয়ন, অৰ্ধসামৰিক বাহিনী আৰু এন চি চিৰ দলসমূহে পেৰেডৰ অনুশীলন চলাই আছে। ৰাজ্যৰ কেইটামান উগ্রপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ৰে’ল সুৰক্ষা বাহিনীৰ ৰে’ল ষ্টেচনত স্নিফাৰ ডগৰ সহায়ত সুৰক্ষা ব্যৱস্থাৰ তদাৰক কৰি আছে। ৰে’ল লাইন আৰু অন্যান্য স্থানত তালাচী অব্যাহত আছে।
স্বাধীনতা দিৱসৰ উপলক্ষ্যত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ছহেজাৰ পতাকা প্রস্তুত কৰি উলিয়াইছে। মহানগৰৰ বিভিন্ন বিপনীত তিনি বৰণীয়া জাতীয় পতাকা উভৈনদী হৈ পৰা দেখা গৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়তো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে। সেই অনুসৰি ১৫ আগষ্টৰ পুৱা ৮ বজাত মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ৰাজ্যৰ বিভিন্ন জিলাতো চৰকাৰী-বেচৰকাৰীভাৱে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে। হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি পুৱা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মটৰ চাইকেল সমদল উলিওৱা হয় । পৰিবহণ বিভাগৰ সহযোগত উলিওৱা এই সমদল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হৈ জি এছ ৰোড, দীঘলী পুখুৰী, মালিগাঁও হৈ আই এছ বি টিট অন্ত পৰে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগতো হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত তিৰংগা ৰানৰ আয়োজন কৰা হয়। নেহেৰু ষ্টেডিয়ামৰ পৰা দীঘলী পুখুৰী হৈ পুনৰ নেহেৰু ষ্টেডিয়ামত এই ৰানৰ অন্ত পৰে ।
মৰিগাঁও জিলাৰ কেইবাগৰাকীও প্রয়াত মুক্তি যুজাৰুৰ পৰিয়ালক কালি জিলা প্ৰশানৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। প্ৰশাসনৰ বিষয়াসকলে মুক্তি যুজাৰু গণেশ ফুকন, বেণুধৰ কোঁচ, তিলক চন্দ্ৰ বৰা, দিনেশ ডেকা, চুচিন তামুলী, উত্তম চন্দ্র ডেকা, গুণাভিৰাম বৰদলৈ, হেমৰাম পাটৰ, তিলক ডেকা আৰু সৰাম ডেকাৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰে। জিলা প্ৰশাসনৰ উদ্যোগত কালি বিহুতলীৰ সমীপত ত্ৰিৰংগা সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যশস্বী গায়িকা তৰালী শৰ্মা, গীতাৰ বাদক ৰাজু আনচাৰী আৰু পাপৰি ঠাকুৰীয়াই পৰিৱেশন কৰে। দেশপ্ৰেম আৰু সংগীতৰ সমাহাৰ ঘটা এই অনুষ্ঠানত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশিস শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ লগতে জিলা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়া, সাংবাদিক আৰু সাধাৰণ দৰ্শক উপস্থিত থাকে।
ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ উদ্যোগত হাইলাকান্দিত এটা ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। মহিলা আত্মসহায়ক গোটে পৰিচালনা কৰা এই কেন্দ্ৰত সুলক্ষ মূল্যত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট, যোৰহাট, নগাঁও, তামুলপুৰ, শোণিতপুৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া আদি জিলাতো স্বাধীনতা দিৱস উপলক্ষে প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক